সন্ত্ৰাসবাদ আৰু উত্তৰ-পূৱ ভাৰত: এক দস্তাবেজ

terrorism in north-east Indiaসাম্প্ৰতিক সময়ত সমগ্রবিশ্বত সন্ত্ৰাসবাদে ভয়াবহ ৰূপ ধাৰণ কৰিছে। সন্ত্ৰাসবাদ এক নিৰৱচ্ছিন্ন সমস্যা। বিশ্বত সন্ত্ৰাসবাদৰ কাৰ্যকলাপে এক অন্ধকাৰ তথা অস্থিৰ ভৱিষ্যতৰ পথ বহন কৰি আহিছে। পৃথিৱীৰ বিভিন্ন সশস্ত্ৰ সংগঠনসমূহৰ সন্ত্ৰাসবাদমূলক কাৰ্যপ্ৰণালীবোৰক কঠোৰ পদক্ষেপৰে দমন কৰিবলৈ ৰাষ্ট্রীয় তথা অন্তঃৰাষ্ট্ৰীয় স্তৰত বিভিন্ন প্ৰচেষ্টা প্ৰয়োগ কৰা দেখা যায়। বৰ্তমান দৃষ্টিপটত সন্ত্ৰাসবাদ নিৰ্দিষ্ট এটি অঞ্চল অথবা ৰাষ্ট্ৰতেই সীমাবদ্ধ হৈ থকা নাই তাৰ বিপৰীতে বিশ্বব্যাপী সমস্যালৈ গতি কৰিছে (global terrorism) ।

সাধাৰণতে সন্ত্ৰাসবাদ হৈছে কোনো এখন ৰাষ্ট্ৰৰ শাসক গোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰি প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে সংগঠিত ভাৱে চলোৱা এক হিংসাত্মক কাৰ্য। মন কৰিবলগীয়া যে ভিনভিন দেশত সন্ত্ৰাসবাদৰ লক্ষ্য আৰু উদ্দেশ্য পৃথক যদিও ই  ৰাজনৈতিক আৰু সামাজিক দিশৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত। সন্ত্ৰাসবাদ সাধাৰণতে ক্ষমতাধিষ্ঠিত চৰকাৰৰ ব্যৱস্থাৰ বিৰুদ্ধে হয় যদিও ভীৰ্তিপ্ৰদৰ্শন , অপহৰণ , মানসিক হাৰাশাস্তি , ভাবুকিৰে ধন দাবী হত্যা ইত্যাদি বোৰেই প্ৰধান কাৰ্য-প্ৰণালী হিচপে সাধাৰণ মানুহৰ বুজনিৰ গুচৰ। বহু ক্ষেত্রত সন্ত্ৰাসবাদ শাসক আৰু নিস্পেষিত এই দুই শ্ৰেণীৰ মাজৰ ন্যায্য অধিকাৰৰ এক দন্দ্ব বুলিও কব পৰা যায়।

সূৰ্য্য উদয় হোৱা দেশতো সন্ত্ৰাসবাদৰ সৈতে পৰিচয় নতুন নহয়। ভাৰতবৰ্ষৰ উত্তৰ – পূৱ প্ৰান্তত অৱস্থিত  ‘সাতভনী’  বুলি খ্যাত ৰাজ্যকেইখন চীন , ম্যানমাৰ আৰু বাংলাদেশৰ আন্তৰ্জাতিক সীমাত অৱস্থিত হেতুকে বৰ স্পৰ্শকাতৰ। উত্তৰ-পূৱ ভাৰত দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰ বুলিও জনাজাত। সেয়েহে কোনোৱে কয় look east policyৰ কথা, কোনোৱে কয় act east policyৰ কথা আন কোনোৱে কয় অষ্টলক্ষ্মীৰ কথা; অৱশ্যে আমি গৌৰৱ কৰোঁ সূৰ্য্য উঠা দেশৰ কথা। সি যি কি নহওক উত্তৰ-পূৰ্বাঞ্চলত ১৬০ টাৰো অধিক প্ৰধান জাতি আৰু উপজাতি আছে। ৪০০টা ভাষা আৰু দোৱান ব্যৱহাৰ কৰে।

উত্তৰ-পূৰ্বাঞ্চলত সৰহসংখ্যক প্ৰাকৃতিক সম্পদৰে চহকী হোৱাৰ স্বতেও অঞ্চলটোৰ বিকাশৰ খোজ অতি লেহেমীয়া আৰু মূল ভাৰতৰ বহু সংখ্যক লোকেই উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে অৱগত নহয়।  ভাৰতৰ মূল ভূখণ্ডৰ পৰা কিছু পৃথক আৰু আঁতৰত অৱস্থিত বাবেই চৰকাৰ আৰু বিভিন্নবিলাক পৰিকল্পনাৰ পৰা অৱহেলিত হৈ অহা দেখা যায়। গৃহমন্ত্ৰণালয়ৰ তথ্য অনুসৰি (আগষ্ট,২০১৩) সাম্প্ৰতিক সময়ত ভাৰতত সক্ৰিয় হৈ থকা ৬৫টা সন্ত্ৰাসবাদী সংগঠনৰ ৫৭টাই উঃপূঃৰ। ইয়াৰে ১১টা অসমৰ, ৪টা মেঘালয়ৰ, ২ টা ত্ৰিপুৰাৰ, ৪টা নাগালেণ্ডৰ, ২টা মিজোৰামৰ আৰু ৩৪টাই মণিপুৰৰ।

Khaplang NSCN Nagaland Terrorismএই সংগঠন বিলাকৰ কিছুমানে পৃথক ৰাজ্য আন কিছুয়ে আত্মনিয়ন্ত্ৰণ আৰু তাৰ বিপৰীতে এচামে স্বাধীন আৰু সাৰ্বভৌমত্বতাৰ দাবী উত্থাপন কৰি আহিছে। উঃপূঃ ভাৰতত সন্ত্ৰাসবাদৰ জন্মৰ আৰৰ কাৰণ বোৰ লক্ষ্য কৰিলে অনুমান হয় ই প্ৰধানকৈ ৰাজনৈতিক , অৰ্থনৈতিক আৰু গোষ্ঠীগত। কিয়নো উক্ত অঞ্চলটোৰ উন্নয়নৰ প্ৰতি উঃপূঃৰ পৰা বহুদূৰত অৱস্থান কৰা কেন্দ্ৰীয় চৰকাৰৰ উদাসীন মনোভাৱ , অঞ্চলটোৰ অনগ্ৰসতা , দুৰ্বল আন্তগাঁঠনি , নিবনুৱা সমস্যা , খিলঞ্জীয়া জাতি জনগোষ্ঠী কিছুমানৰ অস্তিত্বৰ প্ৰতি অহা ভাবুকি সমূহৰ নিৰ্মূলৰ বাবে দীৰ্ঘ ম্যাদি আঁচনিৰ অভাৱ।

সন্ত্ৰাসবাদ, সশস্ৰবাদ অথবা উগ্ৰবাদ, আপুনি মই যিয়েই নকওঁ শব্দটোত যথেষ্ট বিতৰ্কৰ অৱকাশ আছে।

উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাসবাদৰ সৈতে পৰিচিত হবলৈ হলে প্ৰথমতে নগা সন্ত্ৰাসবাদৰ কথা উল্লেখ নকৰিলে এই লেখনি সম্পূৰ্ণ নহব। স্বাধীনতাৰ বহু পূৰ্বেই নগা বিদ্ৰোহৰ উত্থান হৈছিল। ১৯২৯ চনতেই কেইজন মান শিক্ষিত নগাই  ‘নগাক্লাব’ ৰ জৰিয়তে ভাৰতত বৃটিছ প্ৰশাসনৰ প্ৰস্তাৱিত সাংবিধানিক গাঁথনিৰ বাহিৰত নগাসকলক ৰাখিবলৈ স্মাৰক প্ৰদান কৰি দাবী উত্থাপন কৰিছিল। ১৯৪০ৰ দশকৰ শেষৰ পিনে ফিজোৱে স্বাধীনতা সপোনৰ আশাত জাপান আৰু সুভাষচন্দ্ৰ বসুৰ ইণ্ডিয়ান নেশ্যনেল আৰ্মীৰ হৈ বৃটিছৰ বিৰুদ্ধে ৰণত নামিছিল। ‘নগাক্লাব’ এ পিছলৈ ১৯৪৬ চনত নগানেশ্যনেল কাউন্সিল নামেৰে এক সংগঠনত পৰিণত হয়। পৰৱৰ্তী পৰ্য্যায়ত ফিজোৰ নেতৃত্বত এন এন চিয়ে নগালেণ্ড স্বাধীন ঘোষণা কৰে। যাৰ ফলস্বৰূপে ৰাষ্ট্ৰবিদ্ৰোহী কাৰ্যকলাপৰ বাবে ফিজোক ভাৰত চৰকাৰে আটক কৰে। ১৯৫০ চনত মুক্তি লাভ কৰি পুনৰ এনএনচিৰ নেতৃত্বত নগাস্বাধীনতা বিষয়তো গণভোটত আস্থা লাভ কৰি ফিজোৰ নেতৃত্বত পুনৰ স্বাধীনতাৰ দাবীত ভাৰত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে।

আংগামী জাপু ফিজো’

ভাৰত চৰকাৰৰ মূৰৰ কামোৰণিৰ অন্য এক নাম। ফিজোৱে ভাৰত চৰকাৰৰ বহু আলোচনা নাকচ কৰি সংগ্ৰাম অব্যাহত ৰাখে। নগাবিদ্ৰোহ দমন কৰাৰ অৰ্থে বৃহৎ ভাৰতীয় সেনাবাহিনীৰ সন্মুখত তিষ্ঠিব নোৱাৰি ফিজোই বিদেশলৈ পলাই থাকিবলৈ লয়। মন কৰিবলগীয়া নগাজাতিৰ শুভবুদ্ধিৰ নগানেতাৰ কিন্তু অভাৱ নাছিল।

ভাৰতীয় সংবিধানৰ ভিতৰত ৰাজ্যস্হাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰি ১৯৬৩ চনত নগালেণ্ড গঠন হয়। ১৯৭৫ চনত  ‘শ্বিলংচুক্তি’ নামেৰে চৰকাৰ আৰু NNC ৰ মাজত চুক্তি স্বাক্ষৰ হয়। উক্ত চুক্তিক বিশ্বাসঘাতকতা আখ্যাদি অসন্তুষ্টি প্ৰকাশ কৰি NSCN গঠিতহয়। ১৯৮৮ চনত পুনৰসংগঠনটো ইচ্ছাকমুইভাৰ নেতৃত্বত NSCN IM আৰু খাপলাংৰ নেতৃত্বত NSCN K নামেৰে দুটা পৃথক সংগঠনৰ সৃষ্টি হয় ।

NSCN K গোটটোৱে বৃহত্তৰ নাগালিমৰ দাবীত নগা বসতিপূৰ্ণ অঞ্চলসমূহৰ লগতে নিকটৱৰ্ত্তী ঠাইসমূহত সন্ত্ৰাস চলাই আহিছে । ২০০১চনত যদিও ভাৰত চৰকাৰৰ সৈতে আলোচনা মৰ্ম্মে যুদ্ধবিৰতিৰ ঘোষণা কৰে,তথাপিও দুয়োটা সংগঠনেই এই চুক্তি উলংঘন কৰি আহিছে ।

“লালডেংগা”

L:aaldenga Mizo National Front মিজোৰামৰ সশস্ৰ সংগ্ৰাম কিছু সুকীয়া । শান্তিপ্ৰিয় মিজো ১৯৫৯ ৰ দশকৰ শেষৰ পিনে হঠাৎ জ্বলি উঠে । ‘লুচাই পাহাৰ’ বুলি পৰিচিত ১৯৫৯ চনত মিজো পাহাৰত ব্যাপক হাৰত বাঁহ ফুল ফুলে যাৰ ফলস্বৰূপে উক্ত অঞ্চলত নিগনিৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰে । যিটো লুচাই পাহাৰ বাবে মংগলজনক নাছিল । হঠাৎ মিজো পাহাৰত ভয়াৱহ দুৰ্ভীক্ষৰ  কবলত পৰে যাক মিজো ইতিহাসত ‘মৌটম’ নামেৰে পৰিচিত হৈ ৰল।

পাহাৰত সৃষ্টি হোৱা দুৰ্ভিক্ষৰ নিয়ন্ত্ৰণ কৰিবলৈ তেতিয়াৰ অসম চৰকাৰ ব্যৰ্থ হয় । মিজো সকলে কোনোকালেই বৃটিছৰ অন্তৰ্ভুক্ত নাছিল সেয়েহে স্বাধীন ভাৰতৰো অংশ নহয় বুলি পূৰ্বতে ভাৱি অহা ধাৰণা এই সময়ছোৱাত অধিক পৰিস্ফুট হয় । যাৰ ফলস্বৰূপে  মিজোৰামৰ স্বাধীনতা দাবীত লালডেংগা নেতৃত্বত MIZO NATIONAL FRONT নামেৰে ভাৰত চৰকাৰৰ বিৰুদ্ধে সশস্ৰ পন্থা হাতত লয় । বহু বছৰ ধৰি ভাৰতীয় সেনা আৰু মিজো বিদ্ৰোহীৰ মাজত সংঘৰ্ষ অব্যাহত থাকি অৱশেষত ১৯৮৬ চনত ভাৰত চৰকাৰৰ সৈতে MIZO PEACE ACORD স্বাক্ষৰ হয় । এই চুক্তি মৰ্মে ১৯৮৭ চনত মিজোৰাম সুকীয়া ৰাজ্যৰ মৰ্যাদা পায় ।

“মণিপুৰ”

মণিপুৰ উঃ পূৱৰ অন্য এখন প্ৰধান অশান্ত জৰ্জৰিত ৰাজ্য । ১৯৪৯ চনত ভাৰত চৰকাৰে মণিপুৰক ভাৰতবৰ্ষৰ সৈতে চামিলকৰন চুক্তি সম্পাদন হোৱাৰ পিছৰে পৰাই খিলঞ্জীয়া অধিবাসী সকল তীব্ৰ অসন্তুষ্ট হৈ উঠিছিল । সেয়েহে অশান্ত মণিপুৰত ১৯৫৮ চনৰ পৰাই কেইবা দশক ‘সশস্ৰ বাহিনীৰ বিশেষ অধিকাৰ ‘ আইন বলবৎ আছিল ।AFSPA ৰ অন্য এক নাম যেন ইৰম শৰ্মিলা । যি খন কলা আইন নিষিদ্ধ কৰিবৰ বাবে সমস্ত জীৱন নি- শেষ কৰি দিছিল । ২০১৬ বৰ্ষৰ শেষৰ পিনে যেন এক নাটকীয় পৰিৱৰ্তন আহে । সি যি কি নহওঁক ই এক শুভ বাৰ্তা । উল্লেখযোগ্য যে মণিপুৰতেই আটাইতকৈ সৰহ ভাগ উগ্ৰপন্থী সংগঠনৰ প্ৰয়োভৰ ।

তাৰ ভিতৰতে মূখ্য কেইটামান – UNITED NATIONAL LIBERATION FRONT, PEOPLE LIBERATION ARMY, PEOPLE’S REVOLUTIONARY PARTY OF KANGLIPAK -PREPAK   এই আটাইবোৰ সশস্ৰ বাহিনীৰ লক্ষ্য হৈছে ভাৰতীয় সেনাৰ বিৰুদ্ধে যুঁজ দি স্বাধীন সমাজবাদী মণিপুৰ গঠন কৰা । কালক্ৰমত নানান হত্যা হিংসা অপহৰণ বোমা বিস্ফোৰণ মাজতে ১৯৭২ চনত মণিপুৰ ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে ।

“ত্ৰিপুৰা”

উত্তৰ পূৱ ভাৰতৰ পূৰ্বৰে পৃথক আৰু স্বতন্ত্ৰ ৰাজ্য আছিল ত্ৰিপুৰা । ত্ৰিপুৰাৰ সশস্ৰ সংগঠনৰ কথা ব্যতিক্ৰমী । এই বিদ্ৰোহ আছিল খিলণ্জীয়া অধিবাসীৰ অস্তিত্ব ৰক্ষাৰ যুঁজ । LLFT ১৯৮৯ ত প্ৰতিষ্ঠা হৈ পৃথক ত্ৰিপুৰী ৰাষ্ট্ৰ গঠনৰ বাবে সংগ্ৰাম চলাই নিয়ে । আনহাতে ALL TRIPURA TIGER FORCE য়ে ১৯৯০ চনৰ পৰা বাংলাদেশৰ বাংলাভাষী অধিক হাৰত প্ৰব্ৰজনৰ ফলত খিলণ্জীয়া অধিবাসী লোক সকলৰ অস্তিত্ব ৰক্ষাৰ লগতে অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত সৃষ্টি হৈ অহা সমস্যা সমূহৰ বিৰুদ্ধে সশস্ৰ পন্থাৰে সংগ্ৰাম চলাই আছে ।

“অসম”

মন কৰিবলগীয়া যে নগা সশস্ৰ উত্থানৰ অনুসৰণ কৰি উত্তৰ পূৱ ভাৰতত সশস্ৰ বিদ্ৰোহৰ পুখা মেলে ।

ULFA Flagনগা সশস্ৰ বাহিনীৰ পিছতেই অসমৰ সশস্ৰ সংগঠনৰ কথাই লেখত লবলগীয়া । অসমত ১৯৭০ ৰ দশকৰ শেষৰ পৰাই বিচ্ছিন্নতাবাদী মনোভাৱৰ ওকমুকনি ঘটে । ১৯৭৯ চনত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত ‘সংযুক্ত মুক্তি বাহিনী অসম’ United Liberation Front of Assam নামেৰে এক বিদ্ৰোহী সংগঠনৰ প্ৰতিষ্ঠা লাভ কৰে । যঠেষ্ট কম সময়ত ‘আলফা’ নামেৰে বহুল চৰ্চিত নাম হৈ পৰে । প্ৰতিজন অসমীয়াৰ আশা ভৰসাৰ থল হৈ পৰিছিল ULFA ।

আলফাৰ মূল লক্ষ্যই হৈছে ভাৰতৰ পৰা অসমক পৃথক কৰি স্বাধীন অসম প্ৰতিষ্ঠা কৰা ।

Paresh Barua ULFAঅসমৰ প্ৰতি কৰি অহা কেন্দ্ৰীয় চৰকাৰৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে সশস্ৰ সংগ্ৰাম নিয়ে । বিভিন্ন সময়ত স্বাধীনতা পিপাসুত কৰি অহা সংগ্ৰামত হিংসাত্মক কাৰ্য সংঘটিত কৰি অহাৰ ফলত সংগ্ৰাম খন বহু পৰিমাণে পিছলৈ জনমানসৰ পৰা বিচ্ছিন্ন হৈ পৰে । ULFA ৰ স্পষ্ট মত অসমৰ ভাৰতৰ অংশ নাছিল সেয়েহে ঔপনিবেশিক ভাৰতীয় সেনাৰ বিৰুদ্ধে আলফাৰ গেৰিলা যুঁজ অব্যাহত থাকিল । ভিন্ন ধৰণৰ হত্যা, অপহৰণ, বিস্ফোৰণ, বলপূৰ্বক ধনদাবী আদি হিংসাত্মক কাৰ্যত জড়িত হৈ পৰে । ১৯৯০ চনত ভাৰত চৰকাৰে সংগঠনটোক নিষিদ্ধ ঘোষণা কৰে । ভাৰতীয় সেনাই দেশ বিদেশৰ ভিন্ন ঠাইত আলফা ঘাটি উৎখাতৰ বাবে অপাৰেচন বজৰং, ৰাইনো, অলক্লীয়াৰ দৰে বিভৎস অভিযান চলাইছিল । পৰৱৰ্তী পৰ্যায়ত ভাগে ভাগে ভিন্ন সময়ত নাটকীয় ভাৱে শান্তি আলোচনা মেজলৈ আহি থাকিল । ইতিমধ্যে সংগঠনটো কেইবাটাও গোটত বিভক্ত । শান্তি আলোচনাৰ বিপৰীত মেৰুত অৱস্থান কৰা সেনাধ্যক্ষ  পৰেশ বৰুৱাই সংগঠনটো নতুনকৈ “সংযুক্ত মুক্তি বাহিনী ‘স্বাধীন’ “নামেৰে নামাকৰণ কৰি বিভিন্ন সময়ত বিদ্ৰোহী কাৰ্য কলাপেৰে সংগঠনৰ অস্তিত্ব প্ৰকাশ কৰি আহিছে ।
উত্তৰ পূৱ ভাৰতত সকলো জাতি আৰু জনজাতিক সশস্ৰ সংগ্ৰামে প্ৰভাৱিত কৰা দেখা যায় । মন কৰিবলগীয়া এনে এটা জাতি বা জনগোষ্ঠী নাই   যিয়ে সশস্ৰ পন্থা লোৱা নাই । অসমৰ সশস্ৰ বাহিনীৰ বিষয়ে উল্লেখ কৰোঁতে আলফাৰ নাম প্ৰথমেই উল্লেখ হয় যদিও আন বহু সংগঠন আছে যিবোৰে অসমৰ জনসাধাৰণক সময়ে সময়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে । সংগঠন বোৰ ক্ৰমে NDFB, DHO, KLNLF, UPDS, LKO, KLO ইত্যাদি ।

NDFB প্ৰতিষ্ঠা লাভ কৰা মূল উদ্দেশ্যই আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত এখন পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰা । বিভিন্ন সময়ত নানান হিংসাত্মক কাৰ্য পৰিচালনা কৰি কেন্দ্ৰীয় তথা অসম চৰকাৰৰ দৃষ্টি আকৰ্শন কৰি আহিছে । সম্প্ৰতি সংগঠনটোৰ কিছু সদস্য শান্তি আলোচনাৰ মেৰপেজত আন একাংশই NDFB S নামেৰে পুনৰ হিংসাত্মক কাৰ্যত ব্ৰতী থাকি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

DHD ডিমা হালাম ডাউগা নামৰ সশস্ৰ গোটটো ডিমাচা সকলৰ ৰাজ্য ডিমাৰাজ্য ৰ দাবীত বিদ্ৰোহ চলাই যায় । অৱশ্যে গোটটোৰ মূখ্য জুৱেল গাৰ্লোচা  শান্তি আলোচনাৰ পথত । KLNLF ৰ আলোচনা বিৰোধী গোটটোৱে কাৰ্বি জনগোষ্ঠীৰ আত্ম নিয়ন্ত্ৰণ অধিকাৰ দাবীত সংগ্ৰাম চলাই আছে ।

সম্প্ৰতি KLO ই পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত বৰ্তমান অটল থাকি সংগঠনৰ কুচ কাৱাজ চলাই আছে ।

উত্তৰ পূৰ্বাঞ্চলৰ সশস্ৰ বিদ্ৰোহী সংগঠন এক মচিব নোৱাৰা ইতিহাস হৈ ৰব আৰু ত্ৰাস স্তব্ধ হব সেয়াও মনে নধৰে । শাসক গোষ্ঠীৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ উদাসীনতাই কওক বা আন কিবাই ।

 

Hiranya Kalita is a student of Mass Communication and Journalism (MCJ) From Guwahati University IDOL.

He holds his BA in political science from Dimoria College in Khetri, Assam.

With a keen interest in burning topics, politics and the topics around his home state i.e. Assam, he writes with an investigative journalism mind.