অসমীয়া ৰাভা লোক-সংস্কৃতি

লোক-সংস্কৃতি কি তাৰ একাষাৰতেই সংজ্ঞা দিয়াটো সহজ নহয়। লোক-সংস্কৃতিৰ বিভিন্ন গৱেষক, লিখক, পণ্ডিতসকলৰ লেখনিৰ পৰা আমি কব পাৰোঁ যে লোক-সমাজেই লোক-সংস্কৃতিৰ জন্ম আৰু বিকাশৰ মূল আৰু লোক-সমাজৰ মাজেদিয়েই পৰম্পৰা প্ৰবাহিত হৈ থাকে।

Rabha tribe of Assam

Pic Courtesy: Getty

সৰ্বসাধাৰণ লোকৰ মানসিক আৰু আধ্যাত্মিক জীবন কলা আৰু অৱসৰ বিনোদন, মৌখিক সাহিত্য, আচাৰ-নীতি, অনুষ্ঠান, বেশ-ভূষা আৰু জনপ্ৰিয় বিশ্বাসসমূহৰ ভাৱ-ভংগী অধ্যয়ন কৰা বিজ্ঞানকে লোক সংস্কৃতি বুলিব পাৰি। ঠিক সেইদৰে ৰাভা সমাজত অতিতৰে পৰা পৰম্পৰাভাবে প্ৰচলিত প্ৰবাদ, সাধু,ফকৰা-যোজনা, সাথঁৰ, মন্ত্ৰ, আশীৰ্বাদ ,শপদ, লোক-নৃত্য, লোক-নাটক, লোক-কলা, লোক-বিশ্বাস, লোক-দৰব, লোক-সংগীত, লোক-কবিতা, ৰন্ধন প্ৰণালী, গৃহ নিৰ্মান, ঘৰৰ বেৰ, আদি দিয়া, হাঁচি-হামি, উৎসৱ-অনুষ্ঠান, লোক-ধৰ্ম, ব্ৰত-উপবাস, দৃশ্য-শ্ৰব্য, কলাৰিত ইত্যাদিক সামৰি ৰাভা লোক সংস্কৃতি বুলিব পাৰি।

ৰাভা লোক-সংস্কৃতিৰ পদ্ধতিগত চিন্তা-চৰ্চা আৰু গৱেষনাৰ পথ সুচল যদিও স্বজাতীয় শিক্ষা বিদ, বুদ্ধিজীৱি তথা পণ্ডিত সকলে অনিহা প্ৰকাশ কৰাৰ বাবে আশাতীতভাবে এই দিশৰ গ্ৰন্থ প্ৰকাশ পোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। এনে সন্ধিক্ষণত বেবাক ৰাভা ক্ৰৌৰাং ৰুঞ্চুম (নিখিল ৰাভা সাহিত্য সভাই) নিজাববীয়া উদ্যোগত লোক-সংস্কৃতিৰ সকলো সাংস্কৃতিক সকলক সামৰি বৃহৎ কলেবৰৰ গ্ৰন্থ প্ৰকাশৰ হকে অগ্ৰসৰ হৈছিল। কিন্তু ৰুঞ্চুম (সভা)ৰ আৰ্থিক দিশৰ দুৰ্বলতালৈ লক্ষ্য কৰি সীমিত কলেবৰৰ লোক-সংস্কৃতি ১ খণ্ড নামেৰে ৰাভা লোক-সংস্কৃতিৰ বিষয়ত গ্ৰন্থ প্ৰকাশৰ ব্যৱস্হা হাতত লোৱা হয়।

১৯৭৩ চনত জন্ম গ্ৰহণ কৰা নিখিল ৰাভা সাহিত্য সভাই বয়সৰ জোখেৰে ৩৪টা বসন্ত গৰকিলে। প্ৰতিষ্ঠা কৰা দিনা খনৰ পৰাই সভাই স্ব-জাতীয় ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰ ঘটোৱাৰ মহৎ উদ্দেশ্য সন্মুখত লৈ আগ বাঢ়ি গৈ আছে। এনে আঁচনিৰ এক অংশ হিচাপে জাতীয় সংগঠনৰ বিভিন্ন মুখপত্ৰ আলোচনী আৰু স্মৃতি গ্ৰন্থৰ অ’ত-তত সিচৰতি হৈ থকা লোক-সংস্কৃতি বিষয়ক লিখনি বা প্ৰবন্ধ সমূহ একেঠাইতে থুপাই গ্ৰন্থ আকাৰত প্ৰকাশ কৰিবলৈ বেবাক ৰাভা ক্ৰৌৰাং ৰুঞ্চুম (নিখিল ৰাভা সাহিত্য সভাই) (২০০৮-২০১১) বৰ্ষৰ কৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত কৰে আৰু সভাই আলোচনা মৰ্মে শ্ৰী নবীন চন্দ্ৰ ৰাভাক সভাপতি আৰু শ্ৰী লক্ষণ চন্দ্ৰ দিপকাক সম্পাদক হিচাপে লৈ “ৰাভা লোক-সংস্কৃতি সম্পাদনা সমিতি” নামাকৰণৰে এখন সমিতি গঠন কৰি দায়িত্ব ভাৰ দিয়ে। সংগৃহীত প্ৰবন্ধ সমূহৰ সম্পাদিত ৰূপ “ৰাভা লোক-সংস্কৃতি” প্ৰথম খণ্ড নামেৰে প্ৰকাশৰ দিহা ইয়াৰে জৰিয়তে কৰা হয়।

লোক-সংস্কৃতি বুলি কলে আমাৰ মানস পথত ভাহি উঠে সৰ্ব সাধাৰণ ৰাইজৰ জীৱন ধাৰা প্ৰকাশক আখ্যান, সাধু কথা, আচাৰ ব্যৱহাৰ, পিন্ধন-উৰণ, আ-অলংকাৰ, পূজা-পাটল, ৰং-ধেমালী, খেতি-বাতি, দৃষ্টান্ত-পটন্তৰ, নৃত্য-বাদ্য, গীত-মাত, লোক-বিশ্বাস আদিৰ সামাজিক সমন্বয়েই হল লোক-সংস্কৃতি বা জন-সংস্কৃতি।

ৰাভা সকলৰ লোক-সংস্কৃতি হ’ল স্বকীয় আৰু বৈশিষ্ট পূৰ্ণ । যাৰ জৰিয়তে ৰাভা জাতীৰ জীৱনধাৰা বা জীৱন যাত্ৰাৰ বাস্তৱ প্ৰতিফলন ঘটে। কিন্তু শিল্প আৰু বিজ্ঞানৰ অগ্ৰগতিৰ ফলত উন্নত জীৱন নিৰ্বাহৰ পথত আগবঢ়াৰ লগে লগে এই জাতিটোৰ লোক-সংস্কৃতি বিচিত্ৰ নিদৰ্শণবোৰো ক্ৰমে লোপ পাব ধৰাত সচেতন মহলে চিন্তিত হৈ সংৰক্ষণ কৰিবৰ কাৰণে উঠি পৰি লাগে। এনে চিন্তাৰ ফলশ্ৰুতিতেই সভাই ৰাভা লোক-সংস্কৃতি সম্পৰ্কীয় প্ৰবন্ধ সমূহ থুপাই গ্ৰন্থ আকাৰে প্ৰকাশৰ প্ৰচেষ্টা হাতত লয়। সভাৰ আৰ্থিক সমস্যা থকাৰ বাবে কম কলেবৰৰ ভিতৰত প্ৰকাশৰ নিৰ্দ্দেশ দিয়াত লোক-সংস্কৃতিৰ বহু লেখা সন্নিবিষ্ট কৰিব তেওঁসকলে নোৱাৰিলে, যাৰ ফলস্বৰূপে “লোক-সংস্কৃতি” প্ৰথম খণ্ড বুলি নাম দিয়া হল যাতে পিছৰ খণ্ড সমূহত বাকী ৰৈ যোৱা খিনিক সন্নিবিষ্ট কৰাৰ সুবিধা থাকে।

কোন কাহিনীৰ পৰা আদিম মানৱ সমাজত দেও-দেৱতা, ভূত-প্ৰেত অশৰীৰি শক্তিৰ প্ৰতি বিশ্বাস জন্মিল তাক কোৱা টান। আদিম সমাজে তেতিয়াৰ পাৰিপাৰ্শিক অৱস্থা আৰু তেওঁলোকৰ জ্ঞানৰ জোখেৰে মানৱ সমাজৰ মঙ্গল-অমঙ্গল, ৰোগ-শোক ইত্যাদি দেও-দেৱতা, ভূত-প্ৰেত, গ্ৰহ-নক্ষত্ৰ বিলাকৰে ক্ৰিয়া বুলি ধৰি লৈছিল আৰু তেওঁলোকক সন্তুষ্ট কৰিবলৈ বিভিন্ন প্ৰক্ৰিয়াৰে, বিভিন্ন উপাচাৰেৰে পূজা দিয়াৰ নিৰ্দ্ধাৰণ কৰিছিল। এই সকলো বিশ্বাস আৰু পূজা প্ৰকৰণৰ বিধি আজিও বিভিন্ন অনগ্ৰসৰ সমাজবোৰত চলি আছে।

আমাৰ ৰাভা সমাজেও তেনে এটা অনগ্ৰসৰ সমাজ আৰু এই সমাজৰ মাজতো তেনেকুৱা দেও-দেৱতা, ভূত-প্ৰেত আদি পূজা সততে চলি আহিচী আৰু এতিয়াও আছে। ‘ঋষি’ অৰ্থাৎ ভগৱান বা পৰমেশ্বৰ ৰাভা সকলৰ আটাইতকৈ শ্ৰেষ্ঠ দেৱতা। কিন্তু ইয়াৰ পূজাৰ বিশেষ কোনো নিয়ম নাই। ৰাভা সমাজৰ দেও-দেৱতাক পোনতে দুভাগত ভগাব পাৰোঁ। যেনে- “লেমাবায়”(হিন্দু দেৱতা) আৰু “ৰাভা বায়”(ৰাভা দেৱতা)।
‌‌‌‌

‌‌‌ৰাভা বায় (ৰাভা দেৱতা)

হাছং: হাছং দেৱতা মাইতোৰি ৰাভা সকলৰ খোকাছি বা বায়খো দেৱতাৰে ৰংদানি সংস্কৰণ। ৰংদানিসকলৰ খোকাছি পূজা বহু দিনৰ পৰা বন্ধ হৈ গৈছে। তাৰ কাৰণ এই পূজাত অংশ গ্ৰহণ কৰোঁতা সকল বংশানুক্ৰমেহে পদ পাই আহিছিল। কালক্ৰমত পূজাৰীসকলৰ বংশধৰ সকলক পাবলৈ টান হয়। দ্বিতীয়তে এই পূজাটো ব্যয়বহুল আৰু বিপদজনকো আছিল। ইয়াত বহুত নিয়ম নীতি পালিব লাগিছিল। পূজাত কাম বন কৰাবৰ বাবে কিচুমান গাভৰু ছোৱালীৰো প্ৰয়োজন হৈছিল। সেইবোৰ ছোৱালীক নিজৰ নিজৰ আপোন মোমাই সকলেহে থানলৈ নিব পাৰিছিল। আৰু ডেকা সকলক আত্মশুদ্ধি প্ৰমাণ দিবলৈ জলন্ত আঙঠাৰ ওপৰেদি নাচি যাব লাগিছিল। কিবা ব্যতিক্ৰম হলেই দুৰ্ঘটনা ঘটিছিল। সেইবাবে খোকাছি পৰিবৰ্ত্তে এতিয়া ৰংদানি সকলে হাছং বা বাস্ত্ত দেৱতাক পূজা কৰে। গীতবোৰ অৱশ্যে এতিয়াও খোকাছিৰে গীত গাবলৈ চেষ্টা কৰা হয়, কিন্তু কোনেও এই গীতবোৰ পুৰাকৈ নেজানে। প্ৰতিখন ৰংদানি গাওঁৰে বেলেগ বেলেগ হাছংথান থাকে। জেঠ মাহত এই পূজা কৰা হয়। হাছংত একেলগে বহুত দেৱতাক বেলেগ বেলেগ বলিৰে পূজা দিয়ে।
‌‌

হাছং পূজাৰ আগতে কিন্তু মাংকুনা বাতা বা হাছি ৰক্কা পূজিব লাগে। ই হৈছে গাওঁ ৰক্ষক বা প্ৰহৰি। ৰোগ শোক গাওঁত আহিব নিদিয়াৰ বাবে ইয়াক পূজা দিয়া হয়। এই পূজা আগদিনা সন্ধিয়াত পতা হয়। আৰু পিছদিনা পুৱাত কলগছৰে ডিঙ্গা এটা সাজি ফুল, বেলপাত আদিৰে আৰ্চ্চনা কৰি ডিঙ্গিত 2 টা চৰাই পোৱালি ননকটৱৰ্ত্তী কোনোবা নদি নাইবা নিজৰাত ভহাই দিয়া হয়। ল’ৰা-ছোৱালী অতিপাত ঠাণ্ডা লাগি মূৰ্চ্ছা গলে এই দেৱতাক পূজা দিয়ে। ৰোগি থকা ঘৰৰ দুৱাৰ এটাক মাছ মৰা জালেৰে বেৰি পূজা দিয়ে। বলি হিচাপে এটা কুকুৰা নাইবা এটা হাঁহ বলি দিব লাগে। নবজাতকত ইয়াক এটা মতা হাঁহেৰে পূজা দিয়ে। বাহৰ টেঙলেৰে এটা ডালা সাজি গুটি থকা কপাহ ডালাৰ চাৰিওকাষে আৰি লৈ ইয়াক পূজা দিয়ে।

মাৰাং: ইয়াৰ অৰ্থ ব্যাপক। অপায়-অমঙ্গল, মৃত্যুত, দুৰ্ঘটনা ইত্যাদিত মাৰাং দেৱতাক পূজা দিয়া হয়। ইয়াত এটা চৰাই পোৱালিৰ প্ৰয়োজন হয়।

তিক্কাৰ: তিক্কাৰ বা ডাইনী, ই দেৱতা নহয়। তিৰতা মানুহে মন্ত্ৰৰ বলত ডাইনী হয় বুলি ৰাভা সকলে বিশ্বাস কৰে। ইয়াৰ অবাধ গতি। সকলো দেৱতাৰ পূজাত ই এটা অংশ পায়। পেটৰ অসহ্য যন্ত্ৰণা বিকাৰ ইত্যাদি ডাইনী ধৰাৰ লক্ষণ। চৰাই, হাঁহ, গাহৰি নাইবা ছাগলি দি পূজা দিয়ে। অৱস্থা ভেদে বলিবৰ দিয়া হয়। বলিৰ পেটা, লোম, ছাই ইত্যাদিয়েহে ডাইনীয়ে খায়। মঙহটোক ঘৰৰ মানুহে পিছত ৰান্ধি খাব পাৰে।

‌‌কেতিয়াবা কেতিয়াবা ডাইনী ধৰা টোক হঠাতে ধৰিব নোৱাৰে। ৰোগীয়ে নমতাকৈ মৰাৰ দৰে পৰি থাকে। যেতিয়া গাওঁৰ মানুহে ৰোগীক জালেৰে আবৃত কৰি ৰোগীৰ নাকৰ ওচৰত নাগদাংগ্ৰা গছৰ পাত ধৰি সুধীবলৈ ধৰে। নাগদাংগ্ৰাৰ গন্ধত ৰোগীজনে তেতিয়া ডাইনীজনীৰ নাম ধাম সকলো কৈ দিয়ে। কিহৰ বাবে ধৰিছে আৰু কি পালে এৰি যাব তাকো কৈ দিয়ে। সেই হিচাপে পূজা দিয়া হয়।
‌‌

ৰংদানী আৰু মায়তৰী ৰাভাসকলে শিৱক বুদাবা (মতান্তৰে বুৰাহাচু, হাচুবুদা, গ্ৰিমবুদা, বুৰাবাদি) অৰ্থাৎ বুঢ়াগোঁসাই হিচাপে মানে আৰু ভজে। এইজনা দেৱতাৰ আদি বাসস্হান হল দাৰমাং আৰু সেইবাবে বুদাবা দেৱতাক ‘ মামা ছিবু দাৰমাং’ বা সংক্ষেপে ‘দাৰমাং দেও’ বোলা হয়। এই স্হান বৰ্তমান মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ গোৱালপাৰা জিলাৰ ৰাভাগ্ৰি (ফেদালডোবা) নামৰ স্থানত অৱস্থিত। কথিত আছে যে ৰাভাৰ আদিম ৰজা (বীৰপুৰুষ) দদানে তেওঁৰ পিতৃ ৰাজ্য দাৰমাং (দৰং) অঞ্চলৰ পৰা ৰোংজুমুক (পৱিত্ৰ শিলাগ্ৰাম) আনি এই স্থানতে প্ৰতিষ্ঠা কৰি মামা ছিবু দাৰমাং আৰু বায়খো (ভগৱতী)ৰ যুগল উপাসনা প্ৰৱৰ্তন কৰিছিল।

দাৰমাং হল সৃষ্টিৰ দেৱতা, সেইবাবে বিবাহ উৎসৱত নৱ-দম্পতিয়ে সংসাৰ ধৰ্মৰ পাতনি তৰিবলৈ দাৰমাং দেৱতালৈ কুকুৰা এহাল আগ কৰি আৰ্শীবাদ কামনা কৰে। সেইদৰে বিবাহ নোহোৱাৰ বিবাহ আৰু দম্পতিৰ দাম্পাত্য প্ৰেম যুগমীয়া হ’বলৈ এইজনা দেৱতাক পূজা দিয়া হয়। ঘৰ-গৃহস্থলিৰ দেৱতা হিচাপেও এইজনাৰ নামৰ বৰঘৰৰ লাইখুঁটাত (শ্ৰীনোক ফাক) প্ৰতি বছৰে ন-খোৱা দিনা শকত আৱত চাই গাহৰি এটা বা কুকুৰা এটা বলি দি তাৰ তেজ সানি দিয়া হয়। সেইদৰে মদ এসোঁতা (ভোগজৰা আকৃতিৰ মাটিৰ চুপুক বা ঘূৰি পাত্ৰ) বা নৈবেদ্য এভাগি আগ কৰা হয়।
‌‌

ইতিহাসৰ পাতত ভালেখিনি কথাৰ কোনো পাত খিলাও সাক্ষ্য নাই, গতিকে আদিম জনগোষ্ঠীয় লোকৰ মাজত সৃষ্টি হোৱা অনুস্থান সমূহৰ বৃত্তান্ত জানিবলৈ হলে আমি পৰম্পৰাভাৱে মুখ বাগৰি অহা লোক কিংবদন্তিয় কাহিনী সমূহৰ ভিত্তি নকৰি উপায় নাই। সেয়ে ফাৰকান্তি অনুস্থানৰ ব্যাখ্যা কৰিবলৈ যাওঁতেও বিৱৰণখিনি সত্যাসত্যৰ নিৰ্ভূল ব্যাখ্যা বুলি দাবি কৰাতো প্ৰায় অসম্ভৱ। জনামতে ফাৰকান্তিৰ উচ্ছাৰণটো আগতে ফাৰগান্ঠিহে আছিল। সময়ত ই ৰূপান্তৰ হৈ ফাৰকান্তি হৈছে। ৰাভা ভাষাত ‘ফাৰ’ মানে ৰাতি আৰু ‘গান্ঠি’ মানে হল মৃতক জনাক আগবঢ়োৱা নৈবদ্য বা ভোগ ভাত। ৰাভাসকলে মৃতক জনাক এই নৈবদ্য সাধাৰণতে আগবঢ়াই ৰাতিহে। ইয়াৰ কাৰণ সেই সময়ত সকলো পুৰুষে দিনত যুঁজলৈ যায় আৰু যুঁজত প্ৰাণ হেৰুৱা ব্যক্তিসকলৰ নৈবদ্য ক্ৰিয়া অনুষ্ঠিত কৰে সেই ৰাতিয়ে। যিহেতু পিছদিনা বাকীসকল পুৰুষ আকৌ যুঁজলৈ যাব লগা হয়। এনেবোৰ কাৰণতেই হয়তো এই অনুষ্ঠানৰ নাম ফাৰকান্তি বা ফাৰগান্ঠি। এনেদৰে কিমান দিন ৰাভা জনগোষ্ঠীৰ লোকে আন দলীয় শত্ৰু পক্ষৰ লগত যুঁজ বাগৰ কৰিবলগীয়া হৈছিল তাৰ ঐতিহাসিক সঠিক সময় নাপালেও প্ৰায় ১২শ/১৩শ শতাব্দি মানতেই এই ফাৰকান্তি অনুষ্ঠান সৃষ্টি হোৱা বুলি আমি অনুমান কৰিব পাৰোঁ।
‌‌

এই ফাৰকান্তি অনুষ্ঠানৰ যোগেদিয়ে ৰাভা জনজাতীয় গোষ্ঠীৰ সামাজিক জীৱনৰ অনেক কথা ফুটি ওলায়। সি যিকি নহওক, আজিও ৰাভা জনজাতী লোকৰ মাজত যিকোনো পৰিয়ালত এজন লোকৰ মৃত্যু হলে, সেইখন গাঁৱৰ তিৰোতাসকলে মৃত জনাক স্মৰণ কৰি মৰ্মান্তিক বেদনাৰ সমভাগী হয় আৰু হিয়া ঢাকুৰি কান্দে। এই কন্দোন শোকৰ হলেও নিৰ্মল চৰিত্ৰ সুলভ ৰীতিও মানুহ মাত্ৰেই শোকে খুন্দা মাৰিলে যিদৰে উদ্বাউল হয় ৰাভাসকলেও হয়, কিন্তু এই শোকৰ মাজতো ৰাভাসকলে এযোৰ সৰু তাল(কাণটুকুৰী) বজাই তাল মিলাইহে কান্দে। আকৌ ৰাভাসকলে এই গীতৰ লগতে নৃত্যও কৰে। গতিকে ৰাভাসকলৰ মাজত ফাৰকান্তি এনে এটা অনুষ্ঠান যিটোৰ লগত সমাজ জীৱন সাঙোৰ খাই আছে।
‌‌

ৰাভাসকলে পূৰ্বৰেপৰা পুনঃ জন্ম বিশ্বাস কৰি আহিছে। তেনে বিশ্বাসৰ আধাৰতে হয়তো ৰাভাসকলৰ মাজত এক সুকীয়া বৈশিষ্ট বহন কৰি অহা ফাৰকান্তি নৃত্যৰ সৃষ্টি হৈছে। এজন ব্যক্তি মৃত্যু হোৱাৰ পিছত তাৰ আত্মাই সদগতি লাভ কৰাটো ৰাভাসকলৰ মাজত অদমনীয় কামনা। এনে কামৰ পূৰণাৰ্থে ফাৰকান্তি অনুষ্ঠানত উৎসৱ উদযাপিত হয়।
‌‌

যি সময়ত ৰাভাসকলৰ অইন দলীয় শত্ৰুসকলৰ লগত অহৰ্নিশে যুঁজ-বাগৰ চলিছিল, তেতিয়া যুঁজলৈ সাধাৰণতে পুৰুষ সকলেহে গৈছিল যদিও তিৰোতাসকলে যুঁজত যোৱাসকলৰ খাদ্য, অস্ত্ৰ-পাতি আদি যোগান ধৰাত ভাগ ল’ব লগা হৈছিল। যুঁজ শেষ হলেই যুঁজত মৰাসকলৰ শ’বোৰ এখন বিলৰ পাৰত দাহ কৰিছিল। এই দাহ কৰা স্থানক ৰাভাসকলে মাংখ্ৰামদাম বা শ্মশান বোলে। এই শ্মশানৰ পৰা মৃতসকলৰ অস্থিসমূহ অনাৰ ক্ষেত্ৰতেই ৰাভাসকলৰ অন্যতম লোকনৃত্য ফাৰকান্তি নৃত্যৰ উৎপত্তি হয়। শ্ৰাদ্ধক্ৰিয়াৰ অনুষ্ঠানৰ বাবে এটা নিৰ্দিষ্ট ক্ষেত্ৰঠিক কৰি লোৱাৰ পাছত মৃতসকলৰ অস্হিবোৰ আনিবলৈ তিৰোতাসকলে ৰাতিৰ ভিতৰতে একোখনকৈ ‘দতাৰি’ নতুন (গামোচা) কাপোৰ বনাই লৈছিল। এনে ‘দাতিৰ’ কাপোৰ ৰাভাসকলে কেৱল উদ্দেশ্যেহে ব্যৱহাৰ কৰে। শ’বোৰ দাহ কৰাৰ পিছদিনা পুৰুষসকলে মৃতসকলৰ জীৱিত কালত ব্যৱহাৰ কৰা অস্ত্ৰ অৰ্থাৎ ঢাল তৰোৱাল হাতত লৈ মাংখ্ৰামদাম বা শ্মশানলৈ গৈছিল।

‌‌সাধাৰণতে ৰাভাসকলৰ প্ৰধান ভাগ চাৰিটা।

ৰংদানী, মাইতৰী, পাতি আৰু দাহুৰি। ইয়াৰ উপৰিও বিটিলীয়া আৰু দমাছা বুলি দুই শ্ৰেণীৰ মানুহেও নিজকে ৰাভা বুলি চিনাকি দিয়ে।

কোনো কোনো ঠাইত হানা ৰাভা আৰু টোট্লা ৰাভাৰো উল্লেখ পোৱা যায়। ৰাভাৰ এই ভাগ বিলাকৰ ভিতৰত অকল ৰংদানী আৰু মাইতৰী ৰাভা বিলাকেহে ভাষা, সংস্কৃতি ৰক্ষা কৰি জাতিৰ সুকীয়া বৈশিষ্ট জীয়াই ৰাখিছে। এই সুকীয়া সুকীয়া বৈশিষ্টৰ দ্বাৰাই প্ৰত্যক জনজাতিয়ে নিজস্ব ঐতিহ্য ৰক্ষা কৰি আহিছে। অসম তথা মেঘালয়ৰ বিভিন্ন ঠাইত বাস কৰা ৰাভা সকলোও অতি প্ৰাচীন কালৰে পৰা নিজৰ সুকীয়া ভাষা, কলা-কৃষ্টি, আচাৰ-ব্যৱহাৰ, পূজা-পাতল আৰু বিভিন্ন নীতি-নিয়মৰ দ্বাৰাই নিজৰ পৰিচয় দি আহিছে। অৱশ্যে এই পৰিচয় বৰ্ত্তমানে ৰাভাৰ অকল ৰংদানী আৰু মাইতৰীৰ পৰাহে পোৱা যায়। বাকীবোৰে নিজৰ ভাষা-কলা-কৃষ্টি আৰু সংস্কৃতি পাহৰি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়াৰ দৰেই হৈ পৰিল।

‌‌ৰংদানী আৰু মাইতৰী ৰাভা সকলৰ বিশেষ বৈশিষ্টপূৰ্ণ কিছুমান উৎসৱ আৰু পূজা পাতল দেখা যায়। ৰাভাসকলৰ শ্ৰেষ্ঠ উৎসৱ হল “বায়খো” । বৰ্ত্তমানে এই উৎসৱ অসমৰ দুই এটি ৰাভা গাঁও আৰু মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ, জিলাৰ প্ৰায়বোৰ ৰাভাগাঁৱে পালন কৰে।

‌‌এয়াই আছিল আমাৰ ৰাভাসকলৰ “ৰাভা লোক-সংস্কৃতিৰ” অপোনালোকক জনাবলগীয়া চমু কথা। সদৌ শেষত যাতে আমাৰ ৰাভা জাতীয় ধৰ্মীয় ৰীতি-নীতিক উপযুক্ত সংস্কাৰ সাধন কৰি যুগপোযোগী কৰি তুলিব পাৰি, তাৰ বাবে ভগবানৰ ওচৰত প্ৰৰ্থণা জনাই লিখনি সামৰিছোঁ।

ভৱিষ্যতৰ “ৰাভা জনগোষ্ঠীমূলক” লিখনিসমূহৰ বাবে আপোনালোকৰ পৰামৰ্শ আৰু আৰ্হি-উপদেশ কামনা কৰিলোহঁক।

জয় ৰিছি ৰাছং।

Purbajyoti is a student of Mass Comm & Journalism in IDOL, Gauhati University.

His interest in bringing his own culture and tradition to the light through his writing is always appreciated around the literary circle of IDOL, Gauhati University.