পিতৃ-মাতৃ আৰু সন্তান

কষ্ট মানে কি আচলতে সেইজনী মাতৃয়েহে বুজি পায়  যিজনী মাতৃয়ে নিজৰ সন্তানক ন মাহ ন দিন গৰ্ভত ৰাখি, পেটৰবিষ , খোৱা-বোৱাত কষ্ট , উঠা বহাত কষ্ট  আদি  সহ্য কৰিও নিজৰ সন্তানক জন্ম দিয়ে। সন্তান জন্ম দিয়াটো কিমান কষ্টকৰ মাথোঁ মাতৃজনীয়েহে গম পায়। বিভিন্ন সময়ত দেখা পোৱা যায়, সন্তানৰ প্ৰসৱৰ সময়ত কিছুমান গৰ্ভৱতী মহিলাই যান্ত্ৰণা সহিব নোৱাৰি মৃত্যুৱৰণ কৰে। মাতৃৰ মূখত হাঁহি তেতিয়াহে বিৰিঙি উঠে যেতিয়া প্ৰসৱৰ পিছত সন্তানৰ মূখত প্ৰথমটো শব্দ শুনা পাই। সেই সময়ত মাতৃ জনীৰ বাবে ইয়াতকৈ ডাঙৰ সুখ একো হব নোৱাৰে।

Assamese parents

এতিয়া আহিছো সেইজন ব্যক্তিলৈ যিজন ব্যক্তিৰ আঙুলিৰ পৰশত সন্তানে জীৱনৰ প্ৰথমটো খোজ মাটিত দিয়ে। তেওঁ হৈছে পিতৃ বা দেউতাক।  পিতৃয়ে সন্তানৰ লালন পালন কৰাৰ কথা চিন্তা কৰিদুখ-কষ্টৰদ বৰষুণ নেওঁচি মাথোঁ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰিওৰে দিনটো কাম কৰি দুপইছা উপাৰ্জন কৰে। নিজৰ পছন্দ বা সুখকো জলাঞ্জলী দি হলেও সন্তানৰ অভাৱইচ্ছাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰে।  আচলতে পিতৃ হৈছে সাগৰৰ পানী। জীৱন যুদ্ধত তেওঁ থমকি ৰৱ নোখোজে। মাথোঁ আগুৱাই যাব বিচাৰেযাতে সন্তানক সুখ দিব পাৰে। আমি দেখিবলৈ পাওঁসাগৰত বিভিন্ন ধৰণৰ জাৱৰ-জোথৰ,আৱৰ্জনা বোৰ আহি পানীত মিলিত হয়।প্ৰতি ছেকেণ্ড বা মিনিটৰ মূৰে মূৰে সাগৰত উঠাঁ ধৌৱে সেই আৱৰ্জনা বোৰ ধৌৰ কোৱতসাগৰৰ পাৰত আনি থৈ দিয়ে।থিক তেনেদৰে এজন পিতৃৰ জীৱনতো এনেধৰণৰ অসুবিধাদুখ ভাগৰবেমাৰ-আজাৰবিভিন্ন ধৰণৰ সমস্যা আহে। সাগৰৰ ধৌৰ দৰে পিতৃজনেওঁ সেইবোৰ নিজৰ জীৱনৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে।তেওঁৰ ওপৰতে পৰিয়াল এটাৰ ভৱিষ্যত নিৰ্ভৰ কৰে।

পিতৃ-মাতৃয়ে সাধাৰণতে সন্তানৰ বাবে নিজৰ জীৱনটোক লৈ একোৱেই চিন্তা নকৰে। জীৱনৰ মূল্যৱান সময় বোৰ তেওঁলোকে নিজৰ সন্তানৰ বাবে অতিবাহিত কৰে। এয়াই হল সন্তানৰ প্ৰতি থকা পিতৃ-মাতৃৰ মৰম আৰু কৰণীয় দায়িত্ব। এতিয়া আহোঁ সন্তানৰ কথালৈ প্ৰকৃততে সন্তান হিচাপে পিতৃ-মাতৃৰ ওপৰত থকা আমাৰ দায়িত্বকৰ্তব্য কিমান দূৰলৈ আমি পালন কৰিবলৈ সক্ষম হৈছো বাৰু ? আমি সকলোৱে হয়তো শ্ৰৱণকুমাৰৰ কথা পঢ়িবলৈ পাইছো বা শুনিছো বা তেনে ধৰণৰ ছবি,নাটক চাবলৈ পাইছো । শ্ৰৱণকুমাৰ এনে এজন সন্তান আছিলযি পিতৃ মাতৃৰ সেৱাত নিজৰ জীৱন উচৰ্গা কৰিছিল । নিজৰ পিতৃ-মাতৃৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ তেওঁ নিজৰ কান্ধত দুটি পাচিঁত অন্ধ পিতৃ-মাতৃক বহুৱাই ধৰ্মীয় অনুষ্ঠানলৈ যাত্ৰা কৰিছিল, আৰু তেওঁৰ কৰুণ মৃত্যুুু ও ঘটিছিল মাক-দেউতাকৰ সেৱাতেই ৰজা দশৰথৰ শব্দভেদী শৰত ।

পৌৰাণিক যুগৰ এনেকুৱা বহুতো উদাহৰণ আছে যিয়ে সন্তান হিচাপে আমাক বহুতো কথায়েই শিকাই। ধাৰ্মিক দিশৰ পৰা চাব গলেও প্ৰতিটো ধৰ্মতে পিতৃ মাতৃৰ প্ৰতি সন্তানৰ কৰ্তব্য আৰু দায়িত্ববোধৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে, কিন্তু আমি আজিৰ ডেকাচামে তেনে শিক্ষা লৈছো নে?  আমাৰ আগৰ চামৰ এনে উদাহৰণো আমাৰ আগত আছে য’ত পিতৃ মাতৃক নিজ সন্তানে নি বৃদ্ধাশ্ৰমত থৈ আহে আৰু খবৰ এটাও লবলৈ নাযায় ।  যি পিতৃ মাতৃৰ বাবে আমি এই সুন্দৰ পৃথিৱী খন দেখা পালো, যি পিতৃ মাতৃয়ে আমাৰ সম্পূৰ্ণ ভৰণ পোষণ কৰি উন্নত শিক্ষাৰে আমাক এই পৃথিৱীত জীয়াই থকাৰ যোগ্য কৰি তুলিলে… তেনে পূজনীয় পিতৃ মাতৃক কোন হতে এচামে মানৱীয়তাকো নেওঁচি বৃদ্ধাশ্ৰমত পেলনীয়া সমগ্ৰীৰ দৰে ৰাখি আহিব পাৰে?

আমি শ্ৰৱণৰ দৰে মহান হব নোৱাৰিব পাৰো, কিন্তু পিতৃ মাতৃৰ প্ৰতি দায়িত্বশীল হোৱাতোটো সহজ,তেওঁলোকৰ প্ৰতি অৱহেলা আৰু অসন্মানক হাজাৰ মাইল দূৰত্বত ৰখাতোটো সহজ। মনৰ একাগ্ৰতা আৰু ইচ্ছাই সকলো। জন্ম দিয়া পিতৃ-মাতৃক যদি সেৱা কৰিবলৈ কুন্ঠাবোধ কৰোঁ তেন্তে আমি কিহৰ সন্তান?

এজন সাংবাদিকতা অধ্যয়ন কৰা ছাত্ৰ হিচাপেএটা কথা কব বিচাৰো যে সংবাদ মাধ্যম সমূহে আজিৰ যূগৰ এনেকুৱা শ্ৰৱণ কুমাৰৰ বাতৰি পৰাপক্ষত পৰিৱেশন কৰিব লাগে। এনেকুৱা বহু সন্তান আছে যিয়ে শ্ৰৱণৰ দৰে নিজৰ পিতৃ-মাতৃক সেৱা কৰি আছে। পিতৃ-মাতৃয়ে আমাক যিখিনি দিছে বা যিখিনি আমাৰ বাবে কৰিছে, আমি কেতিয়াও সেই ধাৰ পৰিশোধ কৰিব নোৱাৰোঁ। 

পিতৃ-মাতৃৰ বাবে থকা দায়িত্বকৰ্তব্যবোৰ যদি আমি ভালদৰে পালন কৰোঁতেন্তে আমাৰ সমাজখনো নিশ্চয়কৈ বহু সুস্থ আৰু সবল হৈ উঠিব। তেওঁলোকৰ আশীৰ্বাদৰ ওপৰত আন একো হব নোৱাৰে। সন্তান হিচাপে তেওঁলোকৰ আশীৰ্বাদে আমাৰ জীৱন গঢ়াত যথেষ্ট উপকৃত কৰিব ।

 

 

Mirajul is a student of Mass Communication and Journalism in IDOL, Gauhati University.

He holds a bachelor degree from Tangla College, Tangla, Udalguri, Assam