সংগ্ৰামৰ অন্য এটা দফা: পথৰুঘাট

potharughat

Source: www

১৮৯৪ চনৰ ২৮জানুৱাৰী, অসম তথা ভাৰতৰ ইতিহাসত এটা মচিব নোৱাৰা তেজৰ চেকুঁৰা – পথৰুঘাটৰ ৰণ।

সময় বাগৰে, পথাৰে ৰুপ সলাই, ধৰাই আদৰে নতুনত্বক… মাঁথো সলনি নহয় পেটৰ তাড়ণা ।

ইতিহাসে ও পল-অনুপল বগৰাই যাই আগুৱাই,থাকি যাই মাঁথো তেজৰ চেকুঁৰা ।

ভাৰতৰ ইতিহাসৰ এটি ক’লা অধ্যায় হল পথৰুঘাটৰ ৰণ। সেই ৰণ য’ত বৃটিচ চৰকাৰে ১৪০জন নিৰীহ খেতিয়কক গুলিয়াই হত্যা কৰিছিল আৰু বহুসংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছিল।

ইয়ান্দাবু সন্ধি – সেই কালচক্ৰ যাৰ জৰিয়তে বৃটিচ সকলে অসমত প্ৰৱেশ কৰে। এইয়া হ’ল আহোম শাসনৰ সেইচোৱা শেহতীয়া সময় যেতিয়া অহোম আৰু কোচ-ৰাজবংশী দুয়োয়ে দৰং জিলাত সুখ্যাতি আৰু সুদক্ষতাৰে শাসনভাৰ চলাইছিল । আৰু দৰংৰ জনসাধাৰনেও অতি সন্তুষ্টি আৰু আনন্দৰে জীৱন-যাপন কৰি আছিল।
বৃটিচ সকলে প্ৰৱেশ কৰিয়েই অসম তথা অসমীয়া সমাজত এক নাটকীয় পৰিৱৰ্ত্তন আনে । তেওঁলোকে সকলো প্ৰশাসনিক ব্যৱস্থা সলনি কৰি নিজা ৰাণীমূলক কাৰ্য্য়কলাপ সকলোতে প্ৰযোয্য কৰি সাধাৰণ জনতাৰ জীৱন তিক্তকৰ কৰি তুলিছিল। সাধাৰণ ৰাইজে আগতীয়াকৈ অনুমান কৰি পৰ্য্যমানে বৃটিচ চৰকাৰৰ বিৰোধিতা কৰিছিল। বৃটিচৰ বৰ্ধিত কৰ প্ৰণালীয়ে অসমবাসীক বাৰুকৈয়ে জুৰুলা কৰিছিল, আৰু দৰঙবাসীৰ জীৱনও ইয়াৰ ব্যতিক্ৰম নাছিল ।

Patharughat

Source: twitter

১৮৭৫ চনত হাজাৰ-হাজাৰ জনসাধাৰণে পথৰুঘাটৰ তহচিলদাৰৰ অফিচৰ সন্মূখত আহি কৰ কমাই লবলৈ দাবী উথাপন কৰে। সেই দাবীৰ বিপৰীতে, সেই সময়ৰ দৰং জিলাৰ উপায়ুক্ত এণ্ডাৰচনে ( Anderson) কৰ কমাই লোৱা কথাতো কোনো পধ্যেই মানি নললে, যাৰ ফলস্বৰুপে জনসাধাৰণ উৰ্ত্তেজিত হৈ আৰক্ষীৰ লগতহতা-হতিত লিপ্ত হয় আৰু আৰক্ষীয়ে শূণ্যলৈ গুলিচালনা কৰে। এয়াই আছিল পথৰুঘাটৰ ৰণৰ আৰম্ভণী শিঙা ।

শান্তিপ্ৰিয় প্ৰতিনিধি সকলে কোনো ধৰনৰ হুলস্থুল নোহোৱাকৈ বৰ্ধিত কৰৰ এক নিগাজী সমাধানৰ আশা কৰিছিল, কিন্ত প্ৰতিবাৰেই বৃটিচে বল প্ৰয়োগ কৰি তেঁওলোকক দমাই ৰাখিছিল। এনেকৈয়ে বহুতো ঘাত্-প্ৰতিঘাত পাৰ হ’ল, কিন্ত সমাধান হলে একো নোলাল। বৃটিচৰ অত্যাচৰ আৰু কৰৰ পৰিমাণ বাঢ়ি গৈ থাকিল।
লাহে লাহে পথৰুঘাটত এক অচল অবস্থাই বিৰাজ কৰিলে। ১৮৯৩ চনত বৃটিচ চৰকাৰে কৰৰ বোজা ৰাইজৰ ওপৰত ইমানেই বঢ়াই দিলে যে সাধাৰণ জনতাৰ পানীত হাঁহ নচৰা হেন অৱস্থা হলগৈ।

খেতিয়ক ৰাইজে বিমোৰত পৰি ১৮৯৪ চনৰ ২৬ জানুৱাৰীত পথৰুঘাটত এখন ৰাইজমেল পাতে, আৰু কোনো কাৰণতে ইমান কৰ প্ৰদান নকৰে বুলি থিৰাং কৰে। ৰাইজৰ এই সিদ্ধান্তত তহচিলদাৰ ভৱানী চৰন ভট্টচাৰ্য্যই তেঁওলোকক ২৮ জানুৱাৰীলৈ অপেক্ষা কৰিবলৈ দিয়ে। দৰং জিলাৰ উপায়ুক্তই ৰাইজমেলৰ খবৰটো ইতিমধ্যেই পাইছিল আৰু বিৰোধ কাতি কৰাৰ অৰ্থে সকলো সাজু কৰি দৰং জিলাৰ আৰক্ষী অধীক্ষক (SP)বেৰিংটন (Barrington) আৰু মঙ্গলদৈৰ মহকুমাধিপতি (SDO)ৰেমচন (Ramson) লগতে বহুসংখ্যক আৰক্ষী লৈ পথৰুঘাটত উপস্থিত হয়।

১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ ভৰ-দুপৰীয়া হাজাৰ-হাজাৰ ক্ষুব্ধ খেতিয়ক ডাকবাংলোৰ সন্মুখৰ পথাৰত উপস্থিত হয় আৰু বগাচাহাবৰ বিৰুদ্ধে শ্লোগান দিয়ে, আৰু কৰ কৰ্ত্তনৰ দাবী উত্থাপন কৰে। আৰক্ষীয়ে বগা চাহাবৰ নিৰ্দ্দেশমৰ্ম্মে ৰাইজক বাধাপ্ৰদান কৰে আৰু লগতে তহচিলদা ভট্টচায্যইও ৰাইজক মনেমনে থাকিবলৈ সকীয়নি দিয়ে। সেই মূহুৰ্ত্তত উপায়ুক্তই ৰাইজক জনাই যে এই কৰ ইংলেণ্ডৰ ৰাণীয়ে বঢ়াই দিছে, গতিকে কৰ কমাইলোৱাতো বা কৰ্ত্তন কৰাটো কোনোপধ্যেই সম্ভৱপৰ নহয়। উপায়ুক্তৰ এই কথাত জনসাধাৰণ আৰু উত্তেজিত হৈ পৰে। ফলত উত্তেজিত ৰাইজক দমাবলৈ আৰক্ষীয়ে প্ৰথমতে শূণ্যলৈ গুলিচালনা কৰে আৰু তাৰ পিছত খেতিয়কসকলৰ ওপৰত এফালৰ পৰা ধাৰাষাৰে গুলিবৰ্ষণ কৰে… ক্ষন্তেকতে পথৰুঘাট হৈ উঠে তেজেৰে ৰাঙলী, আৰ্তনাদেৰে ভৰপূৰ।

চৰকাৰী গণনা অনুসৰি ১৪০জন কৃষক শ্বহীদ হয় আৰু বহুসংখ্যক আঘাত প্ৰাপ্ত হয়।

Jugabrat Sarmah is a student of Mass Communication and Journalism (MCJ) From Guwahati University IDOL.
As a graduate in Geography from Sipajhar College, he possesses a good knowledge of his home district Darrang.